মুখ্য পৃষ্ঠা
06/04/2514:55
"হৃদয় পুখুৰিত ৰূপুৱালী মেটেকা ফুল"
হৃদয়েৰে হৃদয়ৰ লগত
মৌনতাত পাতিছো বহুত কথা |
বুকুৰ সাতাম পুৰুষীয়া অসুখ বোৰ
উজাই আহিব নৌ পাওঁতেই
গিলি থওঁ অনুভৱৰ এলক'হলত |
পুৰুষ মই ,প্ৰেমিক ভোমোৰা ,
হূদয়হীন প্ৰেয়সীক হাজাৰ বাৰ কম
ফালি চাবা পুৰুষৰ হৃদয় ,
খুলি চাবা প্ৰেমৰ ইতিহাস ,
লগ পাবা তাজমহলত ছাহজাহানক
অথবা সোৱণশিৰী পাৰৰ
মিছিং ডেকা জংকীক |
হৃদয় এখনি ৰঙা ৰুমাল
বিষাদৰ বৰষুণত ৰং হেৰুৱাই
পখালি দিলো চকুলোৰে |
চেপি চেপি ৰস উলিয়াও তেজৰ ,
শুকুৱাই দিওঁ নিসংগতাৰ শুকান মৰুভূমিত |
বুকুৰ তামীঘৰ শুৱনি কৰিবলৈ
সুৰাৰ লগত প্ৰেম কৰিব নোৱাৰো |
খালি বটল বোৰ ডিঙিত ওলমাই
আত্মহত্যা কৰিবলৈ ভয় লাগে |
অনুভৱল কঠিয়া তলিত ,
শব্দৰ বীজ সিঁচি জীয়াই
থাকিম শতিকাৰ পৰা শতিকালৈ |
মই অখ্যাত কবি ,
সমাধি , সেন্দূৰ আৰু মৃত্যুৰ প্ৰেমত
উকা কাগজত তেজৰ চিয়াঁহীৰে লিখিম
কবিতা |
আঙুলি কাটি ৰং দিম হৃদয় পুখুৰিত
ফুলি ৰব ৰূপুৱালী হৈ মেটেকা ফুলৰ দৰে |
● ৰাজু কলিতা